ৰোগ প্ৰতিৰোধক ক্ষমতা কি?

ৰোগ প্ৰতিৰোধক ক্ষমতা বুলিলে আমি যিকোনো বেমাৰৰ পৰা বা বিজাণু সংক্ৰমণৰ পৰা সুৰক্ষা পোৱাটোৱে বুজায় l আমাৰ দেহৰ অক্ৰামক কোষ বা অণুবোৰে এই সুৰক্ষা আমাক প্ৰদান কৰে l এই কোষ বা অণুবোৰে যিকোনো বহিৰাগত জীৱ বা পদাৰ্থৰ বিৰুদ্ধে যুদ্ধ কৰে  আৰু এইবোৰক আমাৰ দেহত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে l ৰোগপ্ৰতিৰোধক বাঅক্ৰামক কোষবোৰত থকা অণুবোৰে ৰোগৰ কাৰকটোত (বেক্টেৰিয়া বা ভাইৰাছ) থকা অণুবোৰক বিশেষভাৱে বান্ধি পেলাই আৰু সিহতক সংক্ৰমণ বিয়পোৱাত বাধা দিয়ে l কিছুমান ৰোগপ্ৰতিৰোধক কোষে বেক্টেৰিয়া বা ভাইৰাছৰ পৰা দীৰ্ঘম্য়াদী সুৰক্ষা প্ৰদান কৰে l প্ৰাণী আৰু উদ্ভিদ দুয়োটাৰে এই ৰোগপ্ৰতিৰোধক ক্ষমতা থাকে l

আমাৰ ভাইৰাছৰ বিৰুদ্ধে ৰোগপ্ৰতিৰোধক ক্ষমতা থাকে নে?

যেতিয়া ভাইৰাছে মানুহৰ দেহত সংক্ৰমণ ঘটায় তেতিয়া মানুহৰ দেহত থকা ৰোগপ্ৰতিৰোধক কোষ বা প্ৰটিন পদাৰ্থবোৰে সেই ভাইৰাছৰ লগত যুদ্ধ কৰে আৰু সিহতক সংক্ৰমণ ঘটোৱাত বাধা দিয়ে l ভাইৰাছৰ কোটৰ কিছুমান নিৰ্দিষ্ট প্ৰটিনৰ লগত মানব হোস্টৰ অক্ৰামক কোষত থকা প্ৰটিন সমুহ বান্ধ খাই পৰে l কিন্তু দেখা যাই যে সঘনাই এই ভাইৰাছ সমুহ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা হাত সাৰি যাবলৈ সক্ষম হয় l

ভেক্চিনেচন বা টীকাকৰন কৰাৰ প্ৰয়োজনীয়তা কি?

কিছুমান ক্ষেত্ৰত ভাইৰাছৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবৰ বাবে টীকাকৰন কৰা হয় l এটা সংক্ৰামক ভাইৰাছক দুৰ্বল কৰি পেলোৱা হয় যাতে ই একো সংক্ৰমন ঘটাব নোৱাৰে আৰু এই দুৰ্বল, অসক্ৰিয় ভাইৰাছটোকে টীকা বা ভেক্চিন হিচাপে ব্য়ৱহাৰ কৰা হয় l মাৰি পেলোৱা ভাইৰাছটোৰ কিছু অংশও টীকা হিচাপে ব্য়ৱহাৰ কৰা হয় l এই টীকাকৰনে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সক্ৰিয় কৰি তোলে আৰু সেই নিৰ্দিষ্ট ভাইৰাছবোৰৰ ভৱিষ্য়তে হব পৰা যিকোনো সংক্ৰমনৰ পৰা ৰক্ষা কৰে l টীকাকৰনে সেই নিৰ্দিষ্ট ভাইৰাছৰ বিৰুদ্ধেহে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে যিটোক সেই টীকা বনোৱাত ব্য়ৱহাৰ কৰা হয়, সকলো ভাইৰাছৰ বিৰুদ্ধে নহয় l তেনেধৰনৰ টীকাৰ উদাহৰন হ’ল সৰু আই আৰু বসন্তৰ টীকা l 

মানৱ দেহ নোভেল ক’ৰনা ভাইৰাছৰ সংক্ৰমনৰ প্ৰতিৰোধী নহয় আৰু ইয়াৰ সংক্ৰমনৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰাৰ বাবে কোনোধৰনৰ ভেক্চিন অথবা টীকা প্ৰস্তুত হোৱা নাই l সেয়েহে এই ভাইৰাছবিধৰ সংক্ৰমনৰ পৰা হাত সাৰি থাকিবৰ বাবে সামাজিক দূৰত্ৱ, হাত বীজাণুমুক্ত কৰি ৰখা আৰু অইন সুৰক্ষাগত ব্য়ৱস্থা গ্ৰহন কৰাৰ অনুশীলন কৰাটো নিতান্তই প্ৰয়োজনীয় l

One thought on “ৰোগ প্ৰতিৰোধক ক্ষমতা কি?”

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s